সমগ্ৰ দেশতে কাইলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ’ব। দিল্লীৰ লালকিল্লাত কাইলৈ হ’বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। প্রধানমন্ত্ৰী শ্ৰী মোদীয়ে লগতে দেশবাসীক উদ্দেশ্যি ভাষণ দিব। লালকিল্লাত হ’বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ বিভিন্ন দেশৰ প্রতিনিধিৰ লগতে পেৰিছ অলিম্পিকত অংশগ্ৰহণকাৰী খেলুৱৈসকলক আমন্ত্রণ জনোৱা হৈছে। এই অনুষ্ঠানলৈ বিভিন্ন ক্ষেত্ৰৰ ৬ হাজাৰ বিশিষ্ট ব্যক্তিক বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে।
ইপিনে অসমতো কাইলৈ স্বাধীনতা দিৱস উদযাপন কৰা হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ৷ গুৱাহাটীত চৰকাৰী কাৰ্যসূচী কাইলৈ পুৱা চাবে ৪ বজাত প্ৰভাতী গীতাঞ্জলিৰে আৰম্ভ কৰাৰ পাছত ৭ বজাত চৰকাৰে কাৰ্যবাহীসকলৰ বাসভৱনত আৰু চাৰে ৭ বজাত সকলো চৰকাৰী, অৰ্ধচৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব। পুৱা ৭ বাজি ৪৫ মিনিটৰ পৰা কুচকাৱাজত ভাগ ল’বলগীয়া দলসমূহ আৰু ৮ বাজি ১৫ মিনিটৰ পৰা নিমন্ত্রিত অতিথি তথা জনসাধাৰণ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হোৱাৰ পাছত পুৱা ৯ বজাত মুখ্যমন্ত্রীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে অভিবাদন গ্রহণ কৰিব। এই অনুষ্ঠানত অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে কুচকাৱাজ প্ৰদৰ্শন কৰিব। পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত পুৱা ১০ বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী, ৰাজ্যিক কর্কট প্রতিষ্ঠান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, বি বৰুৱা কৰ্কট চিকিৎসালয় আৰু যক্ষ্মা চিকিৎসালয়ৰ ৰোগীসকলৰ লগতে বিভিন্ন অনাথ আশ্রম, মুক-বধিৰ বিদ্যালয় আদিৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰু আন ভিন ভিন অনুষ্ঠান-প্ৰতিষ্ঠানত ফলমূল আদি বিতৰণ কৰা হ’ব। স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া চাবে ৬ বজাত চৰকাৰী কার্যালয়, নাগৰিকৰ বাসগৃহ আদিত বন্তি প্ৰজ্বলন কৰা হ’ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইপিনে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌড়া ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, ডাঃ ৰণোজ পেগুৱে লখিমপুৰত, অশোক সিংহলে শোণিতপুৰত, যোগেন মহনে যোৰহাটত, সঞ্জয় কিষাণে তিনিচুকীয়াত, অজন্তা নেওগে গোলাঘাটত, পীযুষ হাজৰিকাই গোৱালপাৰাত, বিমল বৰাই ডিব্ৰুগড়ত, নন্দিতা গার্লোছাই শিলচৰত, জয়ন্ত মল্লবৰুৱাই নলবাৰীত পতাকা উত্তোলন কৰিব। আনহাতে, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে কোকৰাঝাৰত, কাৰ্বিআংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিবাম বংহাঙে ডিফুত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাই হাফলঙত, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে চৰাইদেউত পতাকা উত্তোলন কৰিব । ইপিনে ৰাজ্য চৰকাৰে আজি সাংবাদিক পেঞ্চনাৰৰ নাম ঘোষণা কৰে। ২০২৪ বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে ২০ গৰাকী সাংবাদিকক পেঞ্চন প্ৰদান কৰে।