ডাউনলোড
মোবাইল এপ

android apple
signal

August 12, 2024 8:08 PM | 78 independence day

printer

ৰাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্রস্তুতি

৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশৰ অন্যান্য অঞ্চলসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক প্রস্তুতি চলাই থকা হৈছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰক্ষী বেটেলিয়ান, অৰ্ধ সামৰিক বাহিনী আৰু এন চি চিৰ দলে পেৰেড অনুশীলন অব্যাহত ৰাখিছে। কেইবাটাও উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। গুৱাহাটী ৰেল ষ্টেচনতো ৰেল সুৰক্ষা বাহিনীয়ে সতর্ক দৃষ্টি ৰাখিছে। আজি ৰেল সুৰক্ষা বাহিনীয়ে স্নিফাৰ ডগৰ সহায়ত ৰেল লাইনসমূহকে ধৰি বিভিন্ন স্থানত অভিযান চলায়। একে সময়তে অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰায় ছহেজাৰ জাতীয় পতাকা প্ৰস্তুত কৰি উলিয়াইছে। মহানগৰীৰ বিপণীসমূহত ত্ৰিৰংগ পতাকা উভৈনদী হৈ পৰা দেখা গৈছে। হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহে কাইলৈৰ পৰা ১৫ আগষ্টলৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা জিলাখনৰ তিনিজন ব্যক্তি হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ জীৱন যাত্ৰাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। প্ৰশাসনে জাতীয় গৌৰৱ প্ৰসাৰিত কৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচন কৰা ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেশপ্ৰেম আৰু শিল্প প্ৰতিভা প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে ভার্চুৱৈল ব্যৱস্থাৰে কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীত দেশপ্রেমমূলক গীত পৰিৱেশন, দেশপ্ৰেমক বিষয়বস্তু হিচাপে লৈ নৃত্য তথা অভিনয় প্ৰদৰ্শন আদি অন্তৰ্ভুক্ত কৰা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ ঐতিহ্যমণ্ডিত নেহৰুবালিৰ পৰা আজি ঘৰ ঘৰ তিৰংগা শীৰ্ষক শোভাযাত্ৰা উলিওৱা হয়। জিলাখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষক সমন্বিতে কেইবাজনো চৰকাৰী বিষয়া, কৰ্মচাৰী, আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লোকে এই শোভাযত্ৰাত অংশগ্ৰহণ কৰে। তামুলপুৰতো প্ৰশাসনৰ উদ্যোগত আজি ঘৰ ঘৰ তিৰংগা শীর্ষক সজাগতামূলক চাইকেল শোভাযাত্ৰা উলিওৱা হয়। স্থানীয় বিধায়ক জ্বলেন দৈমাৰী আৰু জিলাখনৰ আয়ুক্ত বিদুৎ বিকাশ ভাগৱতীয়ে এই শোভাযাত্ৰা মুকলি কৰে । ইপিনে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ উদ্যোগত হাইলাকান্দিত এটা ত্ৰিৰংগ পতাকা বিক্রী কেন্দ্র মুকলি কৰা হৈছে। হাইলাকান্দি পৌৰসভাৰ উদ্যোগত মুকলি কৰা এই বিক্ৰী কেন্দ্ৰটোত সুলভ মূল্যত পতাকা উপলভ্য কৰা হৈছে আৰু এই কেন্দ্ৰটো মহিলা আত্মসহায়ক গোটে পৰিচালনা কৰিছে। যোৰহাট জিলাতো উত্তৰ-পূব তিতাবৰ মণ্ডল আৰু তিতাবৰ নগৰ মণ্ডল সমিতিৰ সভাপতিসকলৰ উপস্থিতি হৰ ঘৰ তিৰংগা কাৰ্যসূচী সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি চাইকেল শোভাযাত্ৰা উলিওৱা হয়। জিলাখনৰ আয়ুক্ত, সহকাৰী আয়ুক্তসকল তথা ক্রীড়া বিভাগৰ অন্যনা বিষয়াবৰ্গই শোভাযাত্ৰাৰ আৰম্ভণিতে নিচা মুক্ত ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰে। মাজুলী জিলা আইন সেৱা প্ৰাধীকৰণে স্বাধীনতা দিৱস উপলক্ষে ছাত্র-ছাত্রীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আজিৰে পৰা জিলাখনৰ ২১খন উচ্চ মাধ্যমিক বিদ্যালয়ত ৰচনা আৰু চিত্ৰাংকণ প্রতিযোগিতাৰ আয়োজন কৰিছে। এই প্রতিযোগিতাসমহু আইন সেৱা প্ৰাধীকৰণৰ অৰ্ধআইনী সেৱকসকলৰ সহযোগত অনুষ্ঠিত কৰা হৈছে। তিনিচুকীয়া জিলাতো স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অসম- অৰুণাচল সীমান্তত কূটাঘাটৰ লক্ষ্যৰে উগ্ৰপন্থী সংগঠনৰ সদস্যই বাহৰ পাতিছে বুলি খবৰ পোৱাৰ পৰিপ্ৰেক্ষিতত সেনা তথা আৰক্ষী সষ্টম হৈ পৰিছে। অসম-অৰুণাচল সীমান্তৰ বনাঞ্চলত অসম আৰক্ষীৰ ব্যাপক অভিযান অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক