পাঁচখনীয়া টি-২০ৰ অন্তিমখন খেলত জিম্বাব’ৱেক ৪২ ৰানত পৰাস্ত ভাৰতৰ

● জিম্বাব’ৱেৰ হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰতে কালি জিম্বাব’ৱেক ৪২ ৰানত পৰাস্ত কৰে। খেলখনত টছত জয়লাভ কৰি জিম্বাব’ ৱেই প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছিল। ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৬৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছনে ৪৫টা বলত সৰ্বাধিক ৫৮ ৰান সংগ্ৰহ কৰে। ৰিয়ান পৰাগে ২৪টা বলত ২২ ৰান আৰু শিৱম ডুবেই ১২টা বলত ২৬ ৰান সংগ্ৰহ কৰে। জিম্বাব’ৱেৰ হৈ মুজাৰবানীয়ে ভাৰতৰ দুটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ১৬৮ ৰানৰ বিজয় লক্ষ্য আগত ৰাখি বেট ধৰা জিম্বাব’ৱেই ১৮ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১২৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ মুকেশ কুমাৰে ২২ ৰানৰ বিনিময় জিম্বাব’ৱেৰ চাৰিটা উইকেট লাভ কৰিবলৈ সক্ষম হয়। আনহাতে শিৱম ডুবেই ২৫ ৰানৰ বিনিময়ত দুটা উইকেট

দখল কৰে।
উল্লেখযোগ্য যে, পাঁচখনীয়া শৃংখলাটোত ভাৰতে চাৰিখন খেলত জয়লাভ কৰি শৃংখলা হস্তগত কৰিছে।

অধিক পঢ়ক

সকলো চাওক