ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দুয়োখন দেশে ভিন ভিন ক্ষেত্ৰত সহযোগিতাৰ বাবে ৯খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন, মানচিত্র বিজ্ঞান, ধ্রুৱীয় গৱেষণা, বিনিয়োগ, বাণিজ্য আৰু ভেষজ অন্যতম। নতুন দিল্লী আৰু মস্কো মহলে লগতে প্ৰসাৰ ভাৰতী আৰু টিভি ন’ৱষ্টিৰ মাজত প্ৰচাৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। মস্কোত কালি সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত বিদেশ সচিব বিনয় মোহন কোৱাট্টাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভ্লাডিমিৰ পুটিনৰ মাজত হোৱা বৈঠকত ঘাইকৈ অৰ্থনৈতিক সহযোগিতাৰ বিষয় লৈ আলোচনা হয়। আলোচনাত ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষেত্র, ব্যাপক বাণিজ্য, মূলধনী সম্পর্ক, শক্তি, বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতা, প্ৰতিৰক্ষা আৰু সুৰক্ষা খণ্ডত দুয়ো দেশৰ মাজত সহযোগিতাৰ বিভিন্ন দিশ সামৰি লোৱা হয়। শ্ৰীকোৱাট্টাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভ্ৰান্তিৰে ৰাছিয়াৰ সেনাবাহিনীত অন্তর্ভুক্ত ভাৰতীয় নাগৰিকসকলক শীঘ্ৰে মুকলি কৰি দিয়াৰ বিষয়টোও আলোচনাত উত্থাপন কৰে। তেওঁ কয় যে ৰাছিয়াই শীঘ্ৰেই সকলো ভাৰতীয় নাগৰিকক দেশখনৰ সেনাবাহিনীৰ সেৱাৰ পৰা অব্যাহতি দিয়াৰ প্ৰতিশ্ৰুতি প্রদান কৰে। বিদেশ সচিবগৰাকীয়ে কয় যে দুয়োগৰাকী নেতাই চেন্নাই-ভাডিভষ্টক ক’ৰিডৰ নামেৰে জনাজাত প্ৰস্তাৱিত নতুন পূব ক’ৰিডৰ সম্পৰ্কে আলোচনা কৰে। দুয়োগৰাকী নেতাই লগতে উভয় দেশৰ ভিন ভিন ক্ষেত্ৰত বিকাশৰ সৈতে জড়িত অর্থনৈতিক ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিশেষভাৱে আলোচনা কৰে। ভাৰতত কৃষিজাত সামগ্রী উৎপাদনৰ সৈতে জড়িত সাৰৰ যোগানৰ বিষয়টোৱেও আলোচনাত স্থান লাভ কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু শ্ৰীপুটিনে ভাৰত-ইউৰেছীয় অর্থনৈতিক সংঘ বাণিজ্য আৰু সামগ্ৰী চুক্তিৰ ক্ষেত্ৰত আগবঢ়াৰ আৱশ্যকতালৈও আলোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক