ডাউনলোড
মোবাইল এপ

android apple
signal

December 17, 2024 6:53 PM | income of farmers

printer

দেশৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ছয় দফীয়া কৌশল যুগুত

দেশৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ছয় দফীয়া কৌশল যুগুত কৰিছে বুলি আজি লোকসভাত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰে । তেওঁ কয় যে কৃষকৰ আয় ২০০২-০৩ চনত মাহে দুহেজাৰ ১১৫ টকাৰ পৰা ২০১৮-১৯ চনত দহ হাজাৰ ২১৮ টকালৈ বৃদ্ধি পোৱাটোৱে চৰকাৰৰ প্ৰচেষ্টাৰ সাফল্যকে প্রতিফলিত কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰৰ ছয় দফীয়া কৌশলত উৎপাদন বৃদ্ধি, উৎপাদন ব্যয় হ্রাস, উৎপাদিত সামগ্ৰীৰ উচিত নূন্যতম মূল্য নিশ্চিত কৰা, প্রাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ জোৰা মৰা, ভিন ভিন কৃষি তথা প্রাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰসাৰ আদিক অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ কয় যে কৃষকসকলক কম সুদৰ হাৰত ঋণ দিয়াৰ উপৰি সাৰ আৰু যান্ত্ৰিক পদ্ধতিৰে কৃষিৰ বাবে ৰাজসাহায্যও দিয়া হৈছে। তেওঁ কয়,যে যোৱা বছৰ কৃষকসকলক দুইলাখ ১৪ হাজাৰ কোটি টকাৰ ৰাজসাহায্য দিয়া হৈছিল। মন্ত্ৰীগৰাকীয়ে লগতে কেন্দ্ৰীয় চৰকাৰে নূন্যতম সমর্থন মূল্যত অভিলেখ পৰিমাণৰ সামগ্ৰী ক্ৰয় কৰিছে বুলিও জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক