ডাউনলোড
মোবাইল এপ

android apple
signal

শিৱসাগৰৰ বিষ্ণুনগৰত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক আদালতৰ ভৱন মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলাৰ বিষ্ণুনগৰত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক আদালতৰ ভৱনৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই ভৱনটো উদ্বোধন কৰাৰ লগে লগে সকলো ন্যায়িক কার্য একেটা ভৱনতে সম্পন্ন হ’ব। আদালত ভৱনটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে আইনী আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ৰাজ্যত ন্যায়ৰ সুবিধা সুনিশ্চিত কৰাৰ চেষ্টা চলাই আহিছে। তেওঁ অধিবক্তাসকলক নতুন ন্যায় সংহিতা দৰ্শনৰ লগত সংপৃক্ত হৈ জনসাধাৰণক ক্ষিপ্ৰভাৱে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ব্ৰতী হ’বলৈ আহ্বান জনায়। ইয়াৰ উপৰি বাল্যবিবাহ আৰু নাৰী নিৰ্যাতনৰ ঘটনাত জড়িত গোচৰসমূহত অপৰাধী যাতে সাৰি নাযায় তাৰ বাবে অধিবক্তাসকলক পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। চৰকাৰৰ বাবে যাতে কোনো ধৰণৰ গোচৰৰ নিষ্পত্তিৰ প্ৰক্ৰিয়াটো লেহেমীয়া নহয় তাৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ সমগ্ৰ ৰাজ্যতে আইনী আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিৱসাগৰ জিলা আদালত একেটা ভৱনত উদ্বোধন হোৱাৰ লগে লগে আইনী প্রক্রিয়া ক্ষীপ্ৰতাৰে নিষ্পত্তি হ’ব বুলি তেওঁ আশা প্রকাশ কৰিছে। লগতে এই পদক্ষেপৰ জৰিয়তে শিৱসাগৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বাসিন্দাসকলে সুলভ আৰু কাৰ্যক্ষম আইনী সেৱা লাভ কৰিব বুলি তেওঁ কয়। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই অংশগ্ৰহণ কৰি উদ্বোধন কৰা নতুন ভৱনে আইন সেৱাৰ সৈতে জড়িত সকলো ন্যায়িক বিষয়া তথা অধিবক্তাসকলৰ কামক অধিক গতি প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক