ডাউনলোড
মোবাইল এপ

android apple
signal

চৰকাৰ শীঘ্ৰেই সন্ত্রাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যত উপনীত হ’বঃ গৃহমন্ত্ৰী অমিত শ্বাহ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ জৰিয়তে চৰকাৰে শীঘ্ৰেই সন্ত্রাসমুক্ত জম্মু আৰু কাশ্মীৰৰ লক্ষ্যত উপনীত হ’ব আৰু ইয়াৰ বাবে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠকত সভাপতিত্ব কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা সদৰী কৰে। তেওঁ কয়, যে মোদী চৰকাৰে নিৰাপত্তা বাহিনীৰ সৈতে যুটীয়া প্ৰচেষ্টাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী সমস্যা সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰাৰ বাবে বদ্ধ পৰিকৰ। জম্মু-কাশ্মীৰৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনত জনসাধাৰণৰ অংশগ্রহণে দেশৰ গণতন্ত্ৰৰ ওপৰত তেওঁলোকৰ বিশ্বাসক প্রতিফলিত কৰিলে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীশ্বাহে সন্ত্ৰাসবাদী কার্যকলাপ আৰু অনুপ্ৰৱেশ ৰোধ কৰা কাৰ্য চকুত লগাকৈ কম হোৱা তথা সন্ত্ৰাসবাদী সংগঠনত যুৱকসকলৰ যোগদান বন্ধ কৰাৰ ক্ষেত্ৰত নিৰাপত্তা সংস্থাসমূহৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ কয়, যে মোদী চৰকাৰৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ ব্যৱস্থাটোৰ প্ৰায় অন্ত পৰিছে। তেওঁ লগতে সকলো নিৰাপত্তা সংস্থাকে সন্ত্রাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক