বৰপেটা জিলাত মধ্যাহ্ন ভোজনৰ খাদ্য, অংগনৱাড়ী কেন্দ্ৰৰ খাদ্যৰ লগতে মিঠাইৰ দোকানৰ খাদ্যসমূহ পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

বৰপেটা জিলাত মধ্যাহ্ন ভোজনৰ খাদ্য, অংগনৱাড়ী কেন্দ্ৰৰ খাদ্যৰ লগতে মিঠাইৰ দোকানৰ খাদ্যসমূহ পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনত খাদ্যৰ মান উন্নত কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ লোৱা হৈছে। খাদ্যৰ মান পৰীক্ষা প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত খাদ্যৰ গুণাগুণ পৰীক্ষা কৰা এখন ভ্রাম্যমান বাহন আজি উদ্বোধন কৰা হয়। কেন্দ্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত দেশৰ খাদ্য সুৰক্ষা আৰু মানসম্পন্ন প্ৰাধিকৰণৰ উদ্যোগত এই পদক্ষেপ গ্রহণ কৰা হৈছে। জিলা আয়ুক্ত আয়ুষ গৰ্গে পতাকা জোকাৰি বাহনখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্রকাশ কৰা অনুসৰি বাহনখনে বৰপেটাৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ থিতাতে খাদ্যৰ গুণাগুণ পৰীক্ষা কৰিব। 

অধিক পঢ়ক

সকলো চাওক