ডাউনলোড
মোবাইল এপ

android apple
signal

একাদশ শ্ৰেণীৰ নামভৰ্তিৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ জাননী

◊ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া চলি থকাৰ পৰিপ্ৰেক্ষিতত এখন গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। এই অনুসাৰে শিক্ষা সংসদে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ নামভর্তি প্রক্রিয়া নির্দিষ্ট দৰ্পন পোৰ্টেলৰ যোগেৰে সম্পন্ন কৰিবলৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে দর্পন পোৰ্টেলত পঞ্জীয়নভুক্ত নোহোৱা কিছু শিক্ষানুষ্ঠানে নিজাববীয়াকৈ অফলাইন প্ৰক্ৰিয়াৰে শিক্ষাৰ্থীৰ নামভৰ্তি কৰি থকাৰ ঘটনা দৃষ্টিগোচৰ হোৱাৰ পাছতে শিক্ষা সংসদে ছাত্র-ছাত্ৰী আৰু অভিভাৱকসকলক সজাগ কৰাৰ উদ্দেশ্যে এই জাননী জাৰি কৰিছে। অফলাইন প্ৰক্ৰিয়াৰে কৰা নামভৰ্তি শিক্ষা সংসদৰ সিদ্ধান্তৰ পৰিপন্থী আৰু এই ব্যৱস্থাৰে সম্পন্ন হোৱা নামভৰ্তিসমূহক শিক্ষা সংসদে মান্যতা প্রদান নকৰাৰ লগতে তেনে ছাত্ৰ-ছাত্ৰীসকলক একাদশ শ্ৰেণীৰ পঞ্জীয়নৰ আওতালৈ অনা নহব বুলিও শিক্ষা সংসদে সকিয়াই দিছে।

অধিক পঢ়ক

সকলো চাওক