ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৯ এপ্ৰিললৈকে উত্তৰ-পূব ভাৰতত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অহা ২-৩ দিনত পশ্চিমবংগ, ওড়িশা আৰু ছিকিমত বৰষুণ দিব পাৰে বুলি পূর্বাভাস প্ৰকাশ কৰিছে। মধ্য মহাৰাষ্ট্ৰ, মাৰাথৱাড়া আৰু দক্ষিণ ভাৰতৰ কেইবাটাও অঞ্চলত বৰষুণ-ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে বুলি জনাইছে। গ্রীষ্ম প্রভাৱৰ কথা উল্লেখ কৰি বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি পশ্চিমবংগ, ওড়িশা, কৰ্ণাটক, ৰায়েলচিমা, ছিকিম, তামিলনাড়ু, ঝাৰখণ্ড, বিহাৰ, তেলেংগানা, পূব উত্তৰপ্ৰদেশ, অন্ধ্ৰ প্ৰদেশ আৰু য়ানামৰ কিছু অংশত গ্রীষ্ম প্রৱাহৰ সম্ভাৱনা আছে। ইফালে, কালি হোৱা পাতল বৰষুণ আৰু বতাহৰ বাবে দিল্লীৰ বিভিন্ন প্ৰান্তত বতৰ অনুকূল নহয় বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে।
Site Admin | April 24, 2024 5:36 PM | IMD weather
উত্তৰ-পূব ভাৰতত ২৯ এপ্ৰিললৈকে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা
