♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত পৰৱৰ্তী ৭ দিনত বিজুলী-ঢেৰেকণিৰে মজলীয়া বৰষুণ হ’ব পাৰে আৰু প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বতাহ বলিব পাৰে। ঝাৰখণ্ড আৰু ওড়িশাত কাইলৈ একেধৰণৰ বতৰ হ’ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে।
Site Admin | April 5, 2024 8:42 PM | Assam | IMD | North East | Weather
মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
