August 20, 2024 8:08 PM | IMD Alert

printer

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে অ’ৰেঞ্জ এলাৰ্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ভালেমান অঞ্চল বানত বুৰ গৈছে। গুৱাহাটী মহানগৰীৰ হাতীগাঁও, ৰুক্মিনীগাঁও, পাঞ্জাবাৰী, নবীন নগৰ, অনিল নগৰ, চানমাৰি আদি অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে৷ একেদৰে যোৰাবাটত হোৱা কৃত্রিম বানৰ ফলত যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে। মাজ নিশাৰে পৰা হৈ থকা বৰষুণৰ পাছতে যোৰাবাটৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কৃত্রিম বানৰ সৃষ্টি হয় ৷ ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণৰ আশংকা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুদিনত উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত বাংলাদেশৰ মধ্য ভাগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

অধিক পঢ়ক

সকলো চাওক