ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত অহা ৬ দিনলৈ মুষলধাৰ বৰষুণ হোৱাৰ পূৰ্বাভাস দিছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিমবংগ, ছিকিম আৰু বিহাৰতো অহা ১৪ ছেপ্তেম্বৰ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইফালে বতৰ বিজ্ঞান বিভাগে ৰাজস্থান, মধ্যপ্রদেশ, বিদর্ভ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ কোনো কোনো অঞ্চলত আজি প্ৰবলৰ পৰা প্ৰবলতৰ বৰষুণ হোৱাৰ পূৰ্বাভাস প্রকাশ কৰিছে। মধ্যপ্ৰদেশৰ উত্তৰ পূব অংশ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলত নিম্নচাপৰ প্ৰভাৱত উত্তৰ মধ্যপ্ৰদেশৰ মধ্য অংশ আৰু কাষৰীয়া উত্তৰ প্ৰদেশত বৰষুণ পুনৰ তীব্ৰতৰ হ‘ব পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। বিভাগটোৱে ১৪ৰ পৰা ১৬ ছেপ্তেম্বৰৰ ভিতৰত চত্তিশগড়তো অনুৰূপ ধৰণৰ বৰষুণ হোৱাৰ পূর্বাভাস দিছে। আনহাতে দিল্লীৰ বিভিন্ন অঞ্চলত আজি পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে ৰাষ্ট্ৰীয় ৰাজধানীখনত অহা ৬ দিনলৈ মেঘাচ্ছন্ন আকাশ দেখাৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।
Site Admin | September 11, 2024 6:00 PM | IMD
অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত অহা ৬ দিনলৈ মুষলধাৰ বৰষুণ হোৱাৰ পূৰ্বাভাস ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
