কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত আজি ভাৰতীয় চিকিৎসা সংস্থাই ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই অনুসৰি দেশজুৰি পুৱা ৬ বজাৰ পৰা জৰুৰী সেৱাৰ বাহিৰে অন্য সেৱা আৰু অ’ পি ডি বন্ধ ৰখা হৈছে। সংস্থাটোৱে ভুক্তভোগী চিকিৎসকগৰাকীৰ হকে ন্যায় আৰু স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে এখন কেন্দ্ৰীয় আইন প্রণয়ন কৰিবলৈ আহ্বান জনাইছে। ধর্মঘটৰ অংশ হিচাপে ৰাজ্যতো চিকিৎসসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসা মহাবিদ্যালয় আৰু অন্য চিকিৎসা প্রতিষ্ঠানতো চিকিৎসকসকলে ধর্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু আঞ্চলিক দন্ত মহাবিদ্যালয়তো চিকিৎসকসকলে শ্ল’গান আৰু প্লেকার্ড প্ৰদৰ্শন কৰি ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি চিকিৎসকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায়। একেদৰে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়, নগাঁও চিকিৎসা মহাবিদ্যালয়, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়কে ধৰি বিভিন্ন চৰকাৰী চিকিৎসা প্রতিষ্ঠানসমূহত আজি পুৱাৰেপৰা জৰুৰীকালীন সেৱাৰ বাহিৰে অন্যান্য সেৱাসমূহ বন্ধ ৰখা হৈছে। ভালেসংখ্যক বেচৰকাৰী চিকিৎসালয়তো চিকিৎসকসকলে ক’লাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। ইপিনে, কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এটা নির্দেশ যোগে কৈছে যে চিকিৎসকৰ সৈতে সংঘটিত হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত ৬ ঘণ্টাৰ ভিতৰত এজাহাৰ ৰুজু কৰা উচিত আৰু এজাহাৰ ৰুজু কৰাটো সংস্থাটোৰ মুৰবৰীৰ দায়িত্ব।
Site Admin | August 17, 2024 7:04 PM | IMA