ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি আই আই টি গুৱাহাটীত থিংক ইণ্ডিয়া উত্তৰ-পূব সন্মিলনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে ভাৰত বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ অৱদান আছে বুলি মন্তব্য কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলক বিষয় হিচাপে এই সন্মিলনৰ আয়োজন কৰাৰ পদক্ষেপক প্ৰশংসা কৰে। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য, জৈৱ বৈচিত্ৰ্য আৰু যুৱ প্ৰজন্মৰ সামৰ্থ, অঞ্চলটোত দেশৰ অমৃতকালত উন্নয়ন আৰু বিকাশৰ অন্যতম কেন্দ্ৰ হিচাপে গঢ় লৈ উঠাৰ কাৰণ বুলিও ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে। এই সন্মিলনৰ আলোচনাসমূহে শিক্ষা, বহনক্ষম উন্নয়ন আৰু অৰ্থনৈতিক সবলীকৰণৰ বিভিন্ন দিশত আলোকপাত কৰাৰ লগতে উত্তৰ-পূবক প্ৰগতিৰ শিখৰলৈ লৈ যোৱাত অৰিহণা যোগাব বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ কৌশলগত দিশত থকা গুৰুত্বৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে বিভিন্ন ভৌগোলিক আৰু অন্যান্য প্ৰত্যাহ্বান সত্ত্বেও অঞ্চলটো সকলো দিশত আগবাঢ়ি গৈছে। নিজৰ ভাষণৰ সামৰণিত ৰাজ্যপালগৰাকীয়ে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ সামৰ্থক আশা প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ উদ্ভাৱন ক্ষমতাই উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাক বাস্তৱায়িত কৰিব বুলিও মন্তব্য কৰে। এই অনুষ্ঠানত আই আই টি গুৱাহাটীৰ সঞ্চালক, অধ্যাপক দেৱেন্দ্ৰ জালিহালৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | February 22, 2025 7:17 PM | iit guwahati think india governor
আই আই টি গুৱাহাটীত থিংক ইণ্ডিয়া উত্তৰ-পূব সন্মিলনৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ
