গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান অর্থাৎ আই আই টিত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই ভাষণ দিয়ে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, যে এই মহোৎসৱে বিজ্ঞানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয়, যে ৰাজ্যখনৰ প্ৰতিটো উন্নয়ন খণ্ডক সামৰি ২১৯টা বিজ্ঞান কেন্দ্ৰ স্থাপনৰ পাছত এতিয়া প্ৰতিখন জিলাতে বিজ্ঞান কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰা হৈছে। এনে পাঁচটা কেন্দ্র ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু ১৭টা নির্মীয়মান অৱস্থাত আছে বুলি তেওঁ উল্লেখ কৰে। এই অনুষ্ঠানতে মহোৎসৱৰ বিভিন্ন শিতানৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। ইয়াৰে বিজ্ঞান, প্ৰযুক্তিবিদ্যা, প্ৰতিৰক্ষা আৰু মহাকাশ প্ৰদৰ্শনী শিতানত বড়োলেণ্ড বিশ্ববিদ্যালয়, অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে জুৰীৰ বিশেষ বঁটা লাভ কৰে। অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ তথা আই আই টি, গুৱাহাটীয়েও এই অনুষ্ঠানত বঁটা লাভ কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানত ইছৰ‘ৰ অধ্যক্ষ ড০ এছ সোমনাথকে ধৰি দেশৰ আগশাৰীৰ কেইবাগৰাকী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে ।
Site Admin | December 4, 2024 12:24 PM | Guwahati | IIT