August 20, 2024 5:55 PM | ICT

printer

শ্বেইখ হাছিনাসহ ২৭ গৰাকী লোকৰ বিৰুদ্ধে গণহত্যা আৰু মানৱতাবিৰোধী অপৰাধ সংঘটিত কৰাৰ অভিযোগ দাখিল

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণত কালি বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্ৰী শ্বেইখ হাছিনা, প্রাক্তন মন্ত্রী অ’বেইদুৰ কাদে, ৰাছিদ খান মেনন আৰু হাছানুল হক ইনুসহ ২৭ গৰাকী লোকৰ বিৰুদ্ধে গণহত্যা আৰু মানৱতাবিৰোধী অপৰাধ সংঘটিত কৰাৰ অভিযোগ দাখিল কৰা হৈছে। অভিযোগনামা দাখিল কৰা অন্য আগশাৰীৰ ব্যক্তিসকলৰ ভিতৰত আনোৱাৰ হুছেইন মঞ্জু, অদুজ্জামান খান কামাল, অনিছুল হক, হাছান মেহমুদ, জাহাংগীৰ কবিৰ নানক, মহম্মদ আলী আৰাফাট্, কামাল আহমেদ মজুমদাৰ আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক আব্দুল্লা অল মামুন অন্যতম। অলপতে বৈষম্যবিৰোধী ছাত্র আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা শ্বহৰীয়াৰ হাছান অভিৰ পিতৃ আব্দুল হাছানে শ্বেখ হাছিনা আৰু তেওঁৰ ২৭ গৰাকী সহযোগী সহ ৫০০ জন অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ তদন্ত সংস্থাৰ ওচৰত এই অভিযোগ দাখিল কৰিছে। গোচৰীয়া পক্ষই অভিযোগৰ সৈতে বিভিন্ন বাতৰি কাকতৰ কাটিং আৰু অন্য নথি দাখিল কৰিছে। শ্ৰী হাছানে ১৯৭৩ চনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ বিভিন্ন ধাৰাৰ অধীনত গণহত্যা আৰু মানৱতা বিৰোধী অপৰাধৰ অভিযোগ উত্থাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক