ডাউনলোড
মোবাইল এপ

android apple
signal

October 24, 2024 12:50 PM | Dana Cyclone

printer

ডানাক ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ডানা নামৰ ঘূৰ্ণীবতাহ জাকে ভূভাগত প্ৰৱেশ কৰাৰ পূৰ্বে ধন জনৰ হানি ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বাহিনীটোৱে পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু ধুমুহা জাকৰ ফলত উদ্ভৱ হব পৰা যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ জোৰা মাৰিবলৈ প্ৰস্তুতি চলাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে ভাৰতীয় উপকূলৰক্ষী বাহিনীক জাহাজ, বিমান আৰু ৰিমোট অপাৰেটিং কেন্দ্ৰৰ লগতে মাছমৰীয়া আৰু নাবিকসকলক নিয়মীয়াকৈ বতৰৰ সতৰ্কতা আৰু সুৰক্ষা পৰামৰ্শ প্ৰদান কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে। মাছ ধৰা জাহাজসমূহলৈ নিয়মীয়াভাৱে এনে ধৰণৰ সতৰ্কতা জাৰি কৰা হৈছে ।

উপকূলৰক্ষী বাহিনীয়ে ধুমুহাজাকৰ ফলত সমুদ্ৰত সৃষ্টি হব পৰা যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ ক্ষিপ্ৰতাৰে সন্মুখীন হোৱাৰ বাবে বাহিনীটোৰ জাহাজ আৰু বিমান বন্দসমূহক নিয়োজিত কৰিছে। বাহিনীটোৰ জোৱানসকলে স্থানীয় প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সৈতে সমন্বয়েৰে কাম কৰি আছে। মাছুৱৈসকলক গাঁও প্রধানসহ বিভিন্ন মাধ্যমেৰে ধুমুহা জাক পাৰ হৈ নোযোৱালৈকে সাগৰত মাছ ধৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। ভাৰতীয় উপকূলৰক্ষী বাহিনী সতৰ্ক হৈ আছে। বাহিনীটোৰ সাহায্য দল উদ্ধাৰ আৰু সাহায্য অভিযানত সহায় আগবঢ়াবলৈ সাজু হৈ আছে।

অধিক পঢ়ক

সকলো চাওক