সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ শ্বাৰজাহত কাইলৈ আই চি চি মহিলাৰ টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতা আৰম্ভ হ’ব। প্ৰতিযোগিতাৰ নৱম সংস্কৰণৰ উদ্বোধনী খেলত কাইলৈ বাংলাদেশ-স্কটলেণ্ডৰ মুখামুখি হ’ব। খেলখন ভাৰতীয় সময় অনুসাৰে বিয়লি চাৰে ৩ বজাত আৰম্ভ হ’ব। আনহাতে, কাইলৈ দ্বিতীয়খন খেলত পাকিস্তান-শ্রীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব। ভাৰত পৰহিলৈ নিজৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ মুখামুখি হ’ব। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ খন দেশে অংশগ্ৰহণ কৰা এই প্রতিযোগিতা অহা ২০ অক্টোবৰলৈ চলিব। গ্রুপ-এত ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, নিউজিলণ্ড, পাকিস্তান, আৰু শ্ৰীলংকা অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে গ্রুপ-বিত বাংলাদেশ, ইংলেণ্ড, স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ আছে। হৰমন প্রীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে এইবাৰ খিতাপ দখলৰ হকে তীব্র প্রতিদ্বন্দিতা আগবঢ়োৱাৰ আশা প্ৰকাশ কৰা হৈছে।
Site Admin | October 2, 2024 8:22 PM | ICC T-20