আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব

♦ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ চমুকৈ আই চি চি এ নৱম আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। আইচিচিৰ প্ৰেছ বিবৃতি অনুসৰি ঢাকাৰ শ্বেৰে বাংলা ৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়াম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ১৮ দিনৰ ভিতৰত দহটা দলে মুঠ ২৩খন খেল খেলিব। ২০২৩ চনৰ ৰানাৰ্ছ আপ দক্ষিণ আফ্রিকাই টি-২০ মহিলা বিশ্বকাপৰ উদ্বোধনী মেচত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ৪ অক্টোবৰত ভাৰতীয় দলটো নিউজিলেণ্ডৰ মুখামুখি হ’ব।

অধিক পঢ়ক

সকলো চাওক