আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত উগাণ্ডাক ১২৫ ৰানত পৰাস্ত আফগানিস্তানৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিঞ্জত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰানত পৰাস্ত কৰে। প্ৰভিডেন্সত অনুষ্ঠিত খেলখনত আফগানিস্তানে প্রথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান কৰাৰ প্ৰত্যুত্তৰত উগাণ্ডা ৫৮ ৰানত অল আউট হয়। আফগানিস্তানৰ হৈ ফজলহক ফাৰুকীয়ে ৪ অভাৰত ৯ ৰান খৰচ কৰি ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানৰ ইনিংছত ৰহমনউল্লাহ গুৰবাজে ৭৬ আৰু ইব্রাহিম জাদানে ৭০ ৰানৰ বৰঙণি আগবঢ়ায়।
ইপিনে আজি ৱেষ্ট ইণ্ডিজৰ ব্ৰীজটাউনত নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা খেলত ইংলেণ্ড স্কটলেণ্ডৰ মুখামুখী হৈছে। আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডালাছত হ’বলগীয়া আন এখন খেলত নেডাৰলেণ্ডছে নেপালৰ বিৰুদ্ধে খেলিব। খেলখন নিশা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক