ডাউনলোড
মোবাইল এপ

android apple
signal

টি-২০ বিশ্বকাপ ক্রিকেটত নেপালক ২১ ৰানত পৰাস্ত বাংলাদেশৰ, নেডাৰলেণ্ডছৰ বিৰুদ্ধে শ্ৰীলংকাৰ জয়

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গ্রুপ ‘ডি’ৰ এখন খেলত বাংলাদেশে নেপালক ২১ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি বাংলাদেশে নেপালক জয়ৰ বাবে ১০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে যদিও নেপালে ১৯ অ’ভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৮৫ ৰানহে সংগ্ৰহ কৰে। এই জয়ৰ লগে লগে বাংলাদেশে ছুপাৰ এইট পৰ্যায়ত স্থান নিশ্চিত কৰে।

আনহাতে, ছেইণ্ট লুছিয়াৰ ডাৰেনছেমি নেচনেল ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ ডিৰ দ্বিতীয়খন খেলত শ্রীলংকাই নেডাৰলেণ্ডছক ৮৩ ৰানত পৰাস্ত কৰে। খেলখনত টছত জয়ী হৈ শ্রীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। ২০১ ৰানৰ বিজয় লক্ষ্যৰে খেলি নেডাৰলেণ্ডছে ১৬ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ চৰিত আছালাংকাই ২১টা বলত ৪৬, ওচল মেন্দিছে ২৯টা বলত ৪৬ ৰান কৰে। চৰিত আছালাংকাক মেন অব্ দা মেচ হিচাপে ঘোষণা কৰা হয়।

ফ্ল’ৰিডাত কালি নিশা অনুষ্ঠিত এখন খেলত পাকিস্তানে আয়াৰলেণ্ডক ৩ উইকেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে ইতিমধ্যে পাকিস্তান আৰু আয়াৰলেণ্ড প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে। আনহাতে ভাৰত আৰু আমেৰিকাই গ্রুপ এৰ পৰা ছুপাৰ এইটত উপনীত হৈছে।

ইপিনে, গ্রুপ ‘চি’ৰ এখন খেলত আজি নিউজিলেণ্ড পাপুৱা নিউগিনিৰ বিৰুদ্ধে খেলিব। খেলখন ৱেষ্ট ইণ্ডিজৰ ট্ৰা’উবাৰ ব্রায়ান লাৰা ষ্টেডিয়ামত নিশা ৮ বজাত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক