আই চি চিৰ ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱাবাৰৰ বিজয়ী ভাৰতে জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। কালি কোৱালালামপুৰত অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজে বান্ধি দিয়া ৪৫ ৰানৰ লক্ষ্য ভাৰতে মাত্র ৪ অভাৰ আৰু ২ টা বলত এটা উইকেট হেৰুৱায়ে অতিক্ৰম কৰে। দুই অভাৰত ৫ ৰান ব্যয় কৰি দুটা উইকেট লাভ কৰা ভাৰতৰ ভি জে যোছিথাক শ্ৰেষ্ঠ খেলুৱৈ বঁটা আগবঢ়োৱা হয়।
ইপিনে গ্ৰুপ-এৰ আন এখন খেলত কালি শ্রীলংকাই আয়োজক মালয়েছিয়াক ১৩৯ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ৬টা উইকেট হেৰুৱাই শ্রীলংকাই নিৰ্ধাৰণ কৰি দিয়া ১৬৩ ৰানৰ লক্ষ্য অতিক্রম কৰিবলৈ গৈ মালয়েছিয়াই মাত্ৰ ২৩ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়।