আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ শ্বাৰজাহ ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া গ্ৰুপ এ-ৰ এখন খেলত অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ’ব। দুয়োটা দলে প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত জয়লাভ কৰিছে আৰু সেয়েহে তেওঁলোকে এই জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ আপ্রাণ চেষ্টা কৰিব। ইয়াৰ পূৰ্বে কালি শ্বাৰজাহত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে দক্ষিণ আফ্রিকাক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত বিশ অভাৰত ১২৪ ৰান কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ অধিনায়ক ল’ৰা উলভার্ডে সৰ্বাধিক ৪২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে চাৰিটা বল বাকী থকা অৱস্থাত ৩টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। ইংলেণ্ডৰ ছফী এক্লেষ্টনে প্লেয়াৰ অৱ দ্য মেচ বঁটা লাভ কৰে।
Site Admin | October 8, 2024 12:10 PM | ICC T-20
আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ মুখামুখি
