ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কালি ছেণ্ট লুছিয়াৰ ডাৰেন ছাম্মী নেচনেল ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ ছুপাৰ এইট পর্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়াক ২৪ ৰানত পৰাজিত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২০৫ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰোহিত শর্মাই সৰ্বাধিক ৯২ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদৱে ৩১ আৰু শিৱম ডুবে ২৮ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৮১ ৰানহে কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ হৈ ট্রেভিছ হেডে সৰ্বাধিক ৭৬ ৰান কৰে। ৰোহিত শৰ্মাক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। কালিৰ আন এখন খেলত দক্ষিণ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক তিনি উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্রবেশ কৰে।
Site Admin | June 25, 2024 1:03 PM | ICC T-20
ভাৰত আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ
