June 22, 2024 12:57 PM | ICC T-20

printer

আই চি চি টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ সপ্তমখন খেলত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰত আজি এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত হ’বলগীয়া আই চি চি টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ সপ্তমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব। ব্ৰীজটাউনত অনুষ্ঠিত ছুপাৰ-এইট পর্যায়ৰ ষষ্ঠখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে জয় লাভ কৰিছে। প্ৰথমে বেট ধৰি আটাইকেইটা উইকেট হেৰুৱাই ১৯ অভাৰ ৫টা বলত আমেৰিকা যুক্তৰাষ্ট্ৰই ১২৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ১০ অভাৰ ৫টা বলতেই নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ ৯ উইকেটত সহজ জয় সাব্যস্ত কৰে। ইপিনে, দক্ষিণ আফ্রিকাই কালি ছেইণ্ট লুছিয়ানাত অনুষ্ঠিত ছুপাৰ-এইট পর্যায়ৰ এখন ৰোমান্সকৰ খেলত ইংলেণ্ডক ৭ ৰানত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডে ১৬৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৫৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ হৈ হেৰী ব্ৰুকে ৩৭টা বলত ৫৩ বান কৰে। দক্ষিণ আফ্ৰিকাৰ কাগিছো বাবাডা আৰু কেশৱ মহাৰাজে দুটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৬৩ বান কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ কুইন্টন ডি ক’কে ৩৭টা বলত ৫৩ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জোফ্রা আৰ্চাৰে তিনিটা উইকেট দখল কৰে। কুইণ্টন ডি ককক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ৷