আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ’ব। এই পৰ্যায়ৰ আটাইকেইখন খেল ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব। ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। মুঠ আঠটা দলে এই পর্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। দলসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে। ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু আফগানিস্তানক প্ৰথমটো গ্ৰুপত স্থান দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। ছুপাৰ এইট পৰ্যায়ত প্ৰতিটো দলে তিনিখনকৈ খেল খেলিব আৰু ছেমি ফাইনেলত প্ৰৱেশৰ বাবে কমেও দুখন খেলত জয়ী হ’ব লাগিব। ছেমি ফাইনেলত বিজয়ী দল দুটাৰ মাজত ২৯ জুনত বাৰবাডোছত ফাইনেল খেল অনুষ্ঠিত হ’ব।
Site Admin | June 19, 2024 12:35 PM | ICC T-20
আজিৰে পৰা আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ খেলসমূহ আৰম্ভ
