আই চি চি টি-২০ বিশ্বকাপত নিশা ৮ বজাত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ’বলগীয়া এখন খেলত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব।
আজি পুৱা ত্রিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৱেষ্ট ইণ্ডিজে নিউজিলেণ্ডক ১৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ লগে লগে ৱেষ্ট ইণ্ডিজে ছুপাৰ এইট পৰ্যায়ৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰে। খেলখনত ৱেষ্ট ইণ্ডিজে প্রথমে বেট ধৰি নিউজিলেণ্ডক ১৫০ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। শ্বেৰফিন ৰাডাৰফ’ৰ্ডে ৩৯ টা বলত ৬৮ ৰান কৰি অপৰাজিত হৈ থাকে। আনহাতে, টেণ্ট বল্টো কিৱি বাহিনীৰ হৈ তিনিটা উইকেট দখল কৰে। ১৫০ ৰানৰ বিজয় লক্ষ্যৰে খেলি নিউজিলেণ্ডে নিৰ্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেটৰ বিনিময়ত কেৱল ১৩৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। আলজেৰি যোচেফৰ ৪ টা আৰু গোদাকেছ মোটিৰ তিনিটা উইকেটৰ সহায়ত আয়োজক ৱেষ্ট ইণ্ডিজে ছুপাৰ এইট পর্যায়ত প্ৰৱেশ কৰে। ইপিনে, নিউয়ৰ্কৰ নাছাউ কাণ্টিত যোৱা নিশা অনুষ্ঠিত এখন খেলত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক ৭ উইকেটত পৰাস্ত কৰে। অনুষ্ঠিত খেলখনত ভাৰতে জয় লাভৰ জৰিয়তে প্ৰতিযোগিতাৰ ছুপাৰ-৮ পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১১০ ৰাণ কৰে। আমেৰিকাৰ হৈ নিতিশ কুমাৰে ২৩টা বলত ২৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ অৰ্শদীপ সিঙে ৪টা উইকেট লাভ কৰে। ভাৰতে ১১১ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আৰম্ভণিতে দুটাকৈ উইকেট হেৰুৱায়। বিৰাট কোহলীয়ে এটাও ৰাণ নকৰাকৈ আৰু ৰোহিত শৰ্মাই ৩ ৰাণ কৰি আউট হয়। আমেৰিকাৰ বাওঁহতীয়া বেগী বলাৰ সৌৰভ নেত্ৰাৱলকৰে দুয়োটা উইকেট দখল কৰে। ভাৰতে সূৰ্যকুমাৰ যাদৱৰ আকৰ্ষণীয় অর্ধশতক আৰু শিৱম ডুবেৰ ৩১ ৰাণৰ সহায়ত খেলখনত জয়লাভ কৰে।

অধিক পঢ়ক

সকলো চাওক