অসমৰ পাৰ্থিৱ কলিতা আৰু ৰিয়ান কাশ্যপে ল’ৰাৰ তথা শ্বেৰী শৰ্মা আৰু স্নিগ্ধা পাতিবন্দলাই ছোৱালীৰ চলিত আই টি এফ জুনিয়ৰ [জে-৬০] টেনিছ প্ৰতিযোগিতাৰ ডাবলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত আয়োজন কৰা ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ ডাবলছ শাখাৰ খেল আজিৰে পৰা আৰম্ভ হৈছে৷
গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনাৰ খেলত পাৰ্থিৱ আৰু ৰিয়ানে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অসমৰে আন এটা যুটি চান্দোগ্য টি পাঠক আৰু ৰামানুজ পি তালুকদাৰক তীব্ৰ প্ৰত্যাহ্বানৰ তিনিটা ছেটৰ খেলৰ অন্তত ৫-৭, ৬-০, ১০-৫ ৰ ব্যৱধানত পৰাস্ত কৰে৷ ইফালে, শ্বেৰী আৰু স্নিগ্ধা যুটিয়ে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত দেশৰে ৰিত অৰোৰা আৰু ছানভি ৰেড্ডীক ৬-৪, ৭-৫ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে৷ বিপৰীতে অসমৰ ৰৌনক কাশ্যপে ল’ৰাৰ ডাবলছ শাখাত আৰৱ সম্ৰাট হুদাৰ স’তে যুটি বান্ধি খেলিছিল যদিও পৰাস্ত হৈ বিদায় লয়৷
ইফালে, ছোৱালীৰ একক শাখাত বাচনি বিহিন খেলুৱৈ সবিতা ভুৱনেশ্বৰণে বৃহৎ অঘটন ঘটাই তৃতীয় ৰেংকিং প্ৰাপ্ত ভাৰতৰ ছোহিনী সঞ্জয় মহন্তক ৪-৬, ৬-৩, ৭-৬ ৰ ব্যৱধানত পৰাস্ত কৰে৷ আনহাতে, ৱাইল্ড কাৰ্ড লাভ কৰি খেলা প্ৰাচী মল্লিকে দেশৰে দীপশুইকা বিনয়গামূৰ্তিক ৬-৩, ৪-৬, ৬-২ ত পৰাস্ত কৰি পৰবৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে৷ ভাৰতৰ অন্য ল’ৰা-ছোৱালীয়ে প্ৰত্যাশিতৰূপত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে পুৰুষ একক শাখাত খেলা দুই বিদেশী খেলুৱৈ আমেৰিকাৰ আৰুশ¸ কোটে আৰু ৰোমানিয়াৰ কনবৰগীমাথে প্ৰতিযোগিতাৰ পৰা বিদায় লয়৷