কাইলৈ দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস। এই পৰিপ্ৰেক্ষিতত দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত আছে। গুৱাহাটীৰ খানাপাৰাত হ’বলগীয়া স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰক্ষী বেটেলিয়ন, অৰ্ধসামৰিক বাহিনী আৰু এন চি চিৰ দলসমূহে পেৰেডৰ অনুশীলন চলাই আছে। ৰাজ্যৰ কেইটামান উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ৰে’ল সুৰক্ষা বাহিনীৰ ৰে’ল ষ্টেচনত স্নিফাৰ ডগৰ সহায়ত সুৰক্ষা ব্যৱস্থাৰ তদাৰক কৰি আছে। ৰে’ল লাইন আৰু অন্যান্য স্থানত তালাচী অব্যাহত আছে। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগা যাত্ৰা উলিওৱা হৈছে। কালি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত দেশপ্ৰেম আৰু জাতীয় ঐক্যৰ মনোভাৱক জগাই তোলাৰ উদ্দেশ্যে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয় প্ৰেক্ষাগৃহত ত্ৰিৰংগা সংগীতানুষ্ঠান শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মৰিয়নী বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মী উপস্থিত থাকে। বিধায়কগৰাকীয়ে স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক সুঁৱৰি ৰাষ্ট্ৰজোৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি দেশবাসীক দেশপ্ৰেমৰ ভাৱেৰে অধিক উদ্বুদ্ধ কৰি তোলাৰ লগতে ৰাইজৰ মনত জাতীয় পতাকা সম্পর্কে সজাগতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ শলাগ লয়। অনুষ্ঠানটোত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীয়ে নৃত্য-গীত পৰিৱেশন কৰাৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী তথা লিচুবাৰী সেনা ছাউনীৰ সেনা বিষয়াসকলে দেশপ্রেমমূলক গীত পৰিৱেশন কৰে।
ইপিনে, গোৱালপাৰা জিলা প্ৰশাসনে আজি পুৱা পঞ্চৰত্ন নৰনাৰায়ণ সেতুৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদলৈ এটা হাফ মাৰাথন দৌৰৰ আয়োজন কৰে। প্ৰতিযোগিতাত দুই-শতাধিক প্রতিযোগীয়ে অংশগ্রহণ কৰে । দৌৰ সমাপ্তিৰ পাছত জিলা আয়ুক্তৰ চৌহদত বঁটাসমূহ বিতৰণ কৰা হয়। ইফালে গোৱালপাৰা পৌৰসভাই আজি দুপৰীয়া হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এটা শোভাযাত্ৰা উলিয়াব। লখিমপুৰতো আজি পুৱা আৱৰ্ত ভৱনৰ পৰা এটা ত্ৰিৰংগা ৰাণৰ আয়োজন কৰা হয়। সন্ধিয়ালৈ আৱৰ্ত ভৱন চৌহদত ত্ৰিৰংগা সমলয় অনুষ্ঠিত হ’ব।