অসম ৰাজ্যিক বিদ্যালয় পৰিষদে অহা বছৰ হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে আজি পুনৰ পৰ্টেল মুকলি কৰিছে। সেই অনুসৰি প্ৰপত্ৰ পূৰণৰ বাকী থকা সকলো কাম কাইলৈৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক আহ্বান জনাইছে। পৰিষদে এটা নিৰ্দেশনাত উল্লেখ কৰা মতে পূৰ্বে পূৰণ কৰা প্ৰপত্ৰত কোনো আসোঁৱাহ ৰৈ গ’লে সেইসমূহো কাইলৈৰ ভিতৰত আঁতৰ কৰিব পৰা যাব। একেদৰে পৰহিলৈ মাচুল আদায়ৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে পৰিষদে অনলাইন পৰ্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণ দিন ঘোষণা কৰিছিল। সেই অনুসৰি যোৱা ২৩ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ বিদ্যালয়সমূহে sebaregistration.org শীৰ্ষক পৰ্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব বুলি ঘোষণা কৰিছিল যদিও ছাত্ৰ-ছাত্ৰীৰ সুবিধার্থে আজি পুনৰ পৰ্টেলটো মুকলি কৰি দিয়া হৈছে। প্ৰপত্ৰ পূৰণৰ দিন পৰৱৰ্তী সময়ত আৰু বৃদ্ধি কৰা নহয় বুলি পৰিষদে স্পষ্টভাৱে জনাইছে। লগতে অফলাইনত কোনো ধৰণৰ প্ৰপত্ৰ গ্ৰহণ কৰা নহয় বুলিও প্ৰকাশ কৰিছে।
Site Admin | November 25, 2024 11:53 AM | hslc portal assam last date