ডাউনলোড
মোবাইল এপ

android apple
signal

November 25, 2024 8:14 PM | HSLC Exam

printer

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী আজি ঘোষণা কৰিছে। এই পৰীক্ষা ৩ মাৰ্চলৈকে চলিব। পৰিষদে ঘোষণা কৰা অনুসৰি ব্যৱহাৰিক পৰীক্ষাসমূহ ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব। ইপিনে, পৰিষদে অহা বছৰ হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে আজি পুনৰ প’ৰ্টেল মুকলি কৰিছে। সেই অনুসৰি প্ৰপত্ৰ পূৰণৰ বাকী থকা সকলো কাম কাইলৈৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক আহ্বান জনাইছে। পৰিষদে এটা নিৰ্দেশনাত উল্লেখ কৰা মতে পূৰ্বে পূৰণ কৰা প্ৰপত্ৰত কোনো আসোঁৱাহ ৰৈ গ’লে সেইসমূহো কাইলৈৰ ভিতৰত আঁতৰ কৰিব পৰা যাব। একেদৰে পৰহিলৈ মাচুল আদায়ৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে অহা বছৰ হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে পৰিষদে অনলাইন প’ৰ্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰিছিল। সেই অনুসৰি যোৱা ২৩ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ বিদ্যালয়সমূহে sebaregistration.org শীৰ্ষক প’ৰ্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব বুলি ঘোষণা কৰিছিল যদিও ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আজি পুনৰ প’ৰ্টেলটো মুকলি কৰি দিয়া হৈছে। প্ৰপত্ৰ পূৰণৰ দিন পৰৱৰ্তী সময়ত আৰু বৃদ্ধি কৰা নহয় বুলি পৰিষদে স্পষ্টভাৱে জনাইছে। লগতে অফলাইনত কোনো ধৰণৰ প্ৰপত্ৰ গ্ৰহণ কৰা নহয় বুলিও প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক