অসম ৰাজ্যিক বিদ্যালয় পৰিষদে ২০২৫ চনত অনুষ্ঠিত হ‘বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ২৫ নৱেম্বৰত প‘ৰ্টেল পুনৰ মুকলি কৰিব। সেই অনুসৰি প্ৰ-পত্ৰ পূৰণৰ বাকী থকা সকলো কাম ২৬ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক আহ্বান জনাইছে। একেদৰে মাচুল আদায়ৰ অন্তিম তাৰিখ ২৭ নৱেম্বৰ নিৰ্ধাৰণ কৰা হৈছে। প্ৰ-পত্ৰ পূৰণৰ দিন পৰৱৰ্তী সময়ত আৰু বৃদ্ধি কৰা নহয় বুলি পৰিষদে স্পষ্টভাৱে জনাইছে। লগতে অফলাইনত কোনোধৰণৰ প্ৰ-পত্ৰ গ্ৰহণ কৰা নহয় বুলি প্ৰকাশ কৰিছে ।
Site Admin | November 22, 2024 8:03 PM | HSLC Exam