অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ডিচেম্বৰ মাহৰ ভিতৰত প্ৰাক্- চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলো অনুমতিপ্রাপ্ত আৰু স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানত এই প্রাক্-চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ‘ব। পৰিষদৰ সচিবে আজি জাৰি কৰা নিৰ্দেশনা অনুসৰি সকলো শিক্ষানুষ্ঠানৰ মুৰববীয়ে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু সকলো শিক্ষানুষ্ঠানে বাধ্যতামূলকভাৱে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰ সুৰক্ষিত ৰাখিব লাগিব। পাছত সেয়া পৰিষদৰ মার্ক্স এন্ট্রি পোৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব।
Site Admin | December 18, 2024 8:31 PM | HS exam