ডাউনলোড
মোবাইল এপ

android apple
signal

কামৰূপৰ চাংসাৰিত কেম্পা এণ্ড বেভাৰেজেছৰ বটলিং প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ চাংসাৰিত পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান কেম্পা এণ্ড বেভাৰেজেছৰ সহযোগত বটলিং প্ৰকল্পৰ উদ্বোধন কৰে। প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই নতুন প্ৰকল্পটোৱে ৰাজ্যখনৰ ঔদ্যোগিক বিকাশ আৰু অসমত গঢ় লৈ উঠা উদ্যোগৰ বাবে অনুকূল পৰিৱেশ সন্দৰ্ভত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে। ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে ২৫০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা এই প্ৰকল্পৰ জৰিয়তে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনত ঔদ্যোগিক আৰু অৰ্থনৈতিক বিকাশত সহায় হ’ব বুলি মুখ্যমন্ত্ৰীয় মন্তব্য কৰে। তেওঁ কয়, যে এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষভাৱে কমেও ৩০০টা নিয়োগ সৃষ্টিৰ হোৱাৰ উপৰি সহস্ৰাধিক পৰোক্ষ নিযুক্তিৰ সুবিধা হ’ব। এডভাণ্টেজ আছামৰ প্রাকমুহূৰ্তত এনেধৰণৰ প্ৰকল্প মুকলিয়ে আশাৰ সঞ্চাৰ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ।

অধিক পঢ়ক

সকলো চাওক