ডাউনলোড
মোবাইল এপ

android apple
signal

দেশে দুর্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কাৰ্যপ্ৰণালী আঁকোৱালি লৈছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, দেশে দুর্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কাৰ্য প্ৰণালী আঁকোৱালি লৈছে। তেওঁ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফে সদায় বিপর্যয়ৰ সময়ত কোনো লোক যাতে হতাহত নহয় সেই উদ্দেশ্যে কাম কৰা উচিত। বিজয় নামৰ পৰ্বতাৰোহন অভিযান মুকলি কৰি শ্ৰী শ্বাহে আজি এইদৰে প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, অকল ভাৰততে নহয় বৰং বিশ্বৰ যিকোনো ঠাইত বিপর্যয় দেখা দিলে দেশ আৰু বিশ্বৰ জনসাধাৰণে এন ডি আৰ এফৰ প্ৰতি আশাৰে চায়। তেওঁ কয় যে, পৰিস্থিতি যিমানেই প্রতিকূল নহওক কিয় এন ডি আৰ এফৰ এগৰাকী জোৱান কাষত থাকিলে বিপর্যয়ত আবদ্ধ লোকসকলৰ সাহস কেইবাগুণো বৃদ্ধি পায়। চৰকাৰে এন ডি আৰ এফৰ জোৱানসকললৈ বিপদাশংকা আৰু দুর্গম অঞ্চল ভাত্তা আগবঢ়োৱাত অনুমোদন জনোৱা বুলি শ্ৰী শ্বাহে ঘোষণা কৰে। পৰ্বতাৰোহণ অভিযানৰ সাফল্যৰ বাবে অভিযানত ভাগ লোৱা দলটোৰ লগতে এন ডি আৰ এফক অভিনন্দন জনাই শ্রী শ্বাহে কয় যে, এনেধৰণৰ কঠিন অভিযানে ব্যক্তি আৰু বাহিনী উভয়ৰে দক্ষতা বৃদ্ধিত সহায় কৰে। মন্ত্ৰীগৰাকীয়ে এনে ধৰণৰ অভিযানে আমাক সফলতাৰ শীৰ্ষত উপনীত হ’ব বিচাৰিলে যে জীৱনজুৰি লক্ষ্য পূৰণৰ হকে প্ৰচেষ্টা চলোৱা উচিত তাৰ শিকনি দিয়ে। কেন্দ্ৰীয় গৃহসচিব অজয় কুমাৰ ভাস্না আৰু এন ডি আৰ এফৰ সঞ্চালক প্রধান পীয়ুষ আনন্দ অনুষ্ঠানত উপষ্ঠিত থাকে। বিজয় পৰ্বতাৰোহণ অভিযানৰ অধীনত এন ডি আৰ এফৰ জোৱান সকলে ২১ হাজাৰ ৬২৫ ফুট উচ্চতাত অৱস্থিত হিমাচল প্ৰদেশৰ মাউণ্ট মনিৰং শৃংগত আৰোহন কৰে।

অধিক পঢ়ক

সকলো চাওক