কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতি আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কাইলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল, কেন্দ্ৰীয় গৃহ সচিব, সেনা-আৰক্ষী আৰু জম্মু-কাশ্মীৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। শ্রী শ্বাহে কালি নতুন দিল্লীত গৃহ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত জম্মু-কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতিৰ পৰ্যালোচনা চলাইছিল।