কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাইব্ৰেণ্ট ভিলেজ কার্যসূচী ৰূপায়ণৰ পৰ্যালোচনা কৰে। বৈঠকত শ্ৰী শ্বাহে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ সীমামুৰীয়া গাঁওসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে বদ্ধপৰিকৰ। তেওঁ লগতে স্থানীয় বাসিন্দাসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ আৰু সীমান্তৱৰ্তী গাঁওসমূহৰ পৰা প্ৰব্ৰজন বন্ধ কৰাৰ বাবে এই গাঁওসমূহৰ সৈতে যোগাযোগ সুদৃঢ় কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, সীমাৱর্তী গাঁওসমূহত নিয়োজিত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু সেনা বাহিনীক সমবায়ৰ জৰিয়তে স্থানীয় কৃষি আৰু হস্ত শিল্পজাত সামগ্ৰী ক্ৰয় কৰাৰ বাবে উৎসাহিত কৰা উচিত। কেন্দ্ৰীয় সশস্ত্র আৰক্ষী বাহিনী আৰু সেনাৰ স্বাস্থ্য সেৱাৰ সুবিধাসমূহ ওচৰৰ গাঁৱৰ বাসিন্দাসকলৰ বাবে নিয়মীয়াভাৱে উপলব্ধ কৰিব লাগে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, এই গাঁওসমূহত কৰ্ম-সংস্থাপন সৃষ্টিৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ছশৰো অধিক প্ৰকল্পত অনুমোদন জনাইছে। ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ অধীনত ১৩৬ খন সীমান্তৱৰ্তী গাঁৱৰ দুহেজাৰ ৪২০ কোটি টকা ব্যয়ৰে সকলো বতৰত ব্যৱহাৰৰ উপযোগী ১১৩টা পথ প্ৰকল্পৰে যোগাযোগ ব্যৱস্থা উন্নত কৰা হৈছে। এই গাঁওসমূহত বিত্তীয় অন্তর্ভুক্তি আৰু ভাৰতীয় ডাক ধনাদায় বেংকৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৈঠকত কেন্দ্ৰীয় গৃহ সচিব,ভাৰত-তীববত সীমান্ত আৰক্ষীৰ সীমান্ত ব্যৱস্থাপনা তথা সঞ্চালক প্ৰধানৰ সচিবসহ গৃহমন্ত্ৰ্যালয়ৰ ভালেসংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।