ৰাজ্যত প্রাকৃতিক দুৰ্যোগ আৰু ধ্বংসলীলাক লৈ গৃহমন্ত্রী অমিত শ্বাহৰ গভীৰ উদ্বেগ প্রকাশ

♦ ৰাজ্যত প্ৰচণ্ড ধুমুহা, শিল বৰষুণে সংহাৰী ৰূপ লোৱাৰ পাছত এই প্রাকৃতিক দুৰ্যোগ আৰু ধ্বংসলীলাক লৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গভীৰ উদ্বেগ প্রকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে পৰিস্থিতিৰ বুজ লৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। শ্ৰীশ্বাহে মোদী কা পৰিবাৰ নামৰ এক্স হেণ্ডেলযোগে অসম, পশ্চিমবংগ আৰু মণিপুৰত হোৱা ভয়ংকৰ ক্ষয়-ক্ষতিত উদ্বিগ্নতা প্ৰকাশ কৰি নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

Read More News :

গৃহমন্ত্ৰীগৰাকীয়ে তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ফোনযোগে কথা পাতিছে। ধুমুহা আৰু শিল বৰষুণৰ ফলত অসমৰ ২২ খন জিলাত বিস্তৰ ক্ষয়-ক্ষতি হৈছে। চৰকাৰী তথ্য অনুসৰি ধুমুহা, বজ্রপাত আৰু নাও দুৰ্ঘটনাত চাৰিগৰাকী লোকৰ মৃত্যু হয়। কাছাৰ, পূব কাৰ্বি আংলং, ওদালগুৰি আৰু দক্ষিণ শালমাৰাত এগৰাকীকৈ লোকৰ প্রাণহানি হোৱাৰ লগতে ৬ গৰাকী লোক আহত হৈছে। ধুমুহাত ২২ খন জিলাৰ চাৰি শতাধিক বাসগৃহ সম্পূর্ণৰূপে বিধ্বস্ত হয়।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। অসম, অরুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুই তিনিদিনলৈকে ধুমুহা-বৰষুণৰ লগতে শিল বৰষুণো হ’ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক