সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাঁকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা সত্ৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে দৌল উৎসৱৰ। কামৰূপ জিলাৰ শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। উৎসৱৰ লগত সংগতি ৰাখি পৰহিলৈ হোলী গীত প্ৰতিযোগিতা আৰু ১৫ মাৰ্চত বাঁহ বগোৱা, বাঁহ ভঙা, টেকেলী ভঙা আদি প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত কাইলৈৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত কাইলৈৰ পৰা দৌল উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। থান পৰিচালনা সমিতিয়ে ১৪ খন উপ-সমিতি গঠন কৰি এই উৎসৱ পৰিচালনাৰ বাবে সাজু হৈছে। উৎসৱৰ প্ৰথম দিনা গন্ধোৎসৱ, ১৪ মাৰ্চত গোসাঁই শিৰত ফাকু দিয়া উৎসৱ আৰু ১৫ মাৰ্চত গোসাঁই ফুৰুৱা কাৰ্যসূচী অনুষ্ঠিত হ’ব। বজালী জিলাৰ ইতিহাস প্রসিদ্ধ গোবিন্দপুৰ সত্ৰ প্ৰাংগণত কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপন কৰা হ’ব। এই উপলক্ষে কাইলৈ সন্ধিয়া নাম প্ৰসংগ, মেষদাহ আদি সম্পন্ন হ’ব। ১৪ মাৰ্চত দৌল পূজা, ১৫ মাৰ্চত দৌল গোবিন্দৰ পূজা অৰ্চনা আৰু ১৬ মাৰ্চত সুঁৱেৰি উৎসৱ উদযাপন কৰা হ’ব। দৌল উৎসৱৰ লগত সংগতি ৰাখি ধেমাজিৰ মদাৰগুৰি কলিতাগাঁৱৰ ৰাইজৰ সহযোগত পৰহিৰ পৰা ২১ মাৰ্চলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে সদৌ অসম ভাওনা সমাৰোহ আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
Site Admin | March 12, 2025 1:27 PM | holi assam
ৰাজ্যজুৰি দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাঁকুৱাৰ ব্যাপক আয়োজন
