তামিলনাডুত হিউমেন মেটানিউম’ ভাইৰাছ অৰ্থাৎ এইচ এম পি ভিত দুগৰাকী ব্যক্তি আক্ৰান্ত হৈছে। ইয়াৰে এগৰাকী চেন্নাই আৰু আন গৰাকী ছালেমৰ বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ চৰকাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে যে এয়া কোনো নতুন ভাইৰাছ নহয়, এইবিধ ২০০১ চনতে চিনাক্ত কৰা হৈছিল। এই ভাইৰাছবিধৰ বাবে আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি তামিলনাডুৰ চৰকাৰে জানিবলৈ দিছে। আক্রান্ত দুয়োগৰাকী ব্যক্তিক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে আৰু বৰ্তমান তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ জানিব পৰা গৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সতর্কবাণীৰ উদ্ধৃতি দি তামিলনাডু চৰকাৰে কয়, যে এই সমছোৱাত মাস্ক পৰিধান কৰা, সঘনাই হাত ধোৱা, কোনো ধৰণৰ লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা আদি জৰুৰী।
আনহাতে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক ৰাজধানী চহৰখনত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয়, যে স্বাস্থ্য মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি সকলো চিকিৎসালয়তে শ্বাস প্রশ্বাসজনিত ৰোগত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হ’লে সেয়া ৰোধ কৰিবলৈ সকলো প্ৰস্তুতি সাজু কৰি তোলাৰ বাবে নিৰ্দেশ দিয়া হৈছে। শ্ৰীভৰদ্বাজে কয়, যে স্বাস্থ্য সচিবক প্রতিদিনে তিনিখনকৈ হস্পিতাল নিৰীক্ষণ কৰি মন্ত্ৰালয়ক ইয়াৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইতিমধ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ পৰীক্ষাত কর্ণাটকত এটি তিনিমহীয়া কন্যা শিশু আৰু এটি আঠমহীয়া ল’ৰাৰ দেহত এই ৰোগ ধৰা পৰাৰ বিষয়ে নিশ্চিত কৰিছে। এটা বিবৃতি যোগে স্বাস্থ্য মন্ত্ৰ্যালয়ে কয়, যে ভাৰতৰ উপৰি বিশ্বৰ অনান্য দেশত এই ৰোগৰ সংক্ৰমণ হৈছে আৰু আক্রান্তসকলৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হৈছে। চীন দেশত এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।