ডাউনলোড
মোবাইল এপ

android apple
signal

তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ

● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব। অসম ভ্ৰমণকালত শ্ৰীশ্বাহে নিখিল বড়ো ছাত্ৰ সন্থা এবছুৰ বাৰ্ষিক সন্মিলনসহ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰী শ্বাহে পৰহিলৈ ডেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ ডেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। তাত মন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জোখাওছঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল’ব। যোৱা বছৰৰ ২৩ অক্টোবৰত নতুন দিল্লীত মিজোৰাম চৰকাৰ আৰু আছাম ৰাইফলছে বাহিনীটোৰ ঘাটি আইজলৰ পৰা জোখাওছঙলৈ স্থানান্তৰিত কৰাৰ বাবে চুক্তি সম্পাদন কৰিছিল।

ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হ’ব আৰু সন্ধিয়া গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে নতুন ফৌজদাৰী আইন তিনিখন সন্দৰ্ভত বৈঠকত মিলিত হ’ব। শ্ৰী শ্বাহে ১৬ মাৰ্চত কোকৰাঝাৰৰ দোতমাত হ’বলগীয়া এবছুৰ অধিৱেশনত অংশগ্ৰহণ কৰিব। কোকৰাঝাৰৰ কাৰ্যসূচী সামৰি ১৬ মাৰ্চৰ বিয়লি তেওঁ নতুন দিল্লীলৈ বুলি উভতি যাব।

অধিক পঢ়ক

সকলো চাওক