ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰক উপযুক্ত সময়ত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰা হ’বঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিৰ বিধায়ক আৰু দলৰ জ্যেষ্ঠ নেতাসকলক আশ্বাস প্ৰদান কৰি কয়, যে জম্মু অঞ্চলৰ সন্ত্ৰাসজৰ্জৰিত পৰিস্থিতি অতি সোনকালে নিয়ন্ত্রণলৈ অনা হ’ব। জম্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদাৰ ক্ষেত্ৰত গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰি কয়, যে উপযুক্ত সময়ত জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰা হ’ব। শ্ৰীশ্বাহে জন্মৰ ত্ৰিকূটা নগৰৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙৰ উপস্থিতিত ২৮ জন দলীয় বিধায়কৰ সৈতে হোৱা বৈঠকত এই কথা প্রকাশ কৰে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণসূচীৰে কালি জম্মুত উপস্থিত হয়। জম্মু বিমান বন্দৰত গৃহমন্ত্ৰীগৰাকীক ৰাজ্যপাল মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্রী জিতেন্দ্ৰ সিঙে আদৰণি জনায়। শ্ৰীশ্বাহে আজি কথুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বি এছ এফৰ বিনয় আউটপষ্ট পৰিদৰ্শন কৰি অঞ্চলটোৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থা পর্যালোচনা কৰিব। ইয়াৰ পিছতে গৃহমন্ত্ৰীগৰাকীয়ে জন্মৰ ৰাজভৱনত শ্বহীদ আৰক্ষীৰ পৰিয়ালক সাক্ষাৎ কৰিব। যোৱা ২৩ মাৰ্চত কথুৱা জিলাত সন্ত্ৰাসবাদীৰ সৈতে যুঁজি চাৰিজন আৰক্ষী শ্বহীদ হৈছিল। বিয়লিৰ ভাগত তেওঁ শ্ৰীনগৰলৈ ৰাওনা হ’ব আৰু তেওঁ তাত কাইলৈ জম্মু-কাশ্মীৰৰ উন্নয়নমূলক প্রকল্পসমূহৰ বুজ ল’ব। ২০২৩ চনৰ ১৩ ছেপ্তেম্বৰত অনন্তনাগ জিলাৰ কুকে নাগ অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা উপ-আৰক্ষী অধীক্ষক হুমায়ুন ভাটৰ পৰিয়ালক সাক্ষাৎ কৰিব। মন্ত্ৰীগৰাকী কাইলৈ শ্ৰীনগৰত এখন নিৰাপত্তা পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব।

অধিক পঢ়ক

সকলো চাওক