দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানলৈ গৃহমন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানলৈ গৈছে। কালি শ্ৰীশ্বাহে ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি জয়পুৰত এখন সাংগঠনিক বৈঠকত অধ্যক্ষতা কৰে।

Image

এই বৈঠকত তেওঁ ডাউচা, কাৰাউলি-ধোলপুৰ, নাগৌৰ, চুৰু আৰু ঝুনঝুনু এই পাঁচটা লোকসভা সমষ্টিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰস্তুতি সম্পর্কে বুজ লয়। বৈঠকত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি চি পি যোশী, প্রাক্তন বিৰোধী নেতা ৰাজেন্দ্ৰ ৰাথোড় আৰু অন্যান্য নেতাসকল উপস্থিত থাকে।

Image

Image

সন্ধিয়াৰ ভাগলৈ শ্ৰীশ্বাহে চিকাৰত এটা ৰোড শ্ব’তো অংশগ্ৰহণ কৰে। গৃহমন্ত্ৰীগৰাকী আজি জোধপুৰলৈ যাব আৰু তাত তেওঁ জোধপুৰ, পালি, জালোড়-চিৰোহী আৰু বাৰমেড় লোকসভা আসনকেইখনৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ’ব।