আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্ৰমণ কালত শ্ৰী শ্বাহ আহমেদাবাদ আৰু গান্ধীনগৰত হ’বলগীয়া বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে গান্ধীনগৰৰ মহাত্মা মন্দিৰত ১০২ সংখ্যক আন্তর্জাতিক সমবায় দিৱস উপলক্ষে আয়োজিত চাহাড় চে সমৃদ্ধি শীর্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ পাছত তেওঁ বানছকান্তাৰ চাংৰা গাঁৱৰ মহিলা দুগ্ধ উৎপাদকসকলক ৰূপে ক্রেডিট কার্ড বিতৰণ কৰিব আৰু সমবায় পাইলট প্রকল্প পৰিদৰ্শন কৰিব। শ্ৰী শ্বাহে গোধৰা পঞ্চমহলৰ মাহুলিয়া গাঁৱৰ সমবায় পাইলট প্রকল্পও পৰিদৰ্শন কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে আজি গোধৰাৰ পঞ্চমৰুত দুগ্ধ প্ৰকল্পত সকলো জিলাৰ সমবায় বেংকসমূহ আৰু দুগ্ধ প্ৰকল্পসমূহৰ অধ্যক্ষসকলৰ সৈতে বৈঠকত মিলিত হ’ব। শ্ৰী শ্বাহে কাইলৈ জগন্নাথ মন্দিৰত ৰথযাত্রা উপলক্ষে মংগল আৰতিত অংশগ্ৰহণ কৰিব। তাৰ পিছত তেওঁ আহমেদাবাদৰ নাৰণপুৰাত এখন অত্যাধুনিক চিকিৎসালয় আৰু অম্বাৱাদিত বিদ্যার্থীভৱন উদ্বোন কৰিব।

অধিক পঢ়ক

সকলো চাওক