আজি হিন্দী সাংবাদিকতা দিৱস

আজি হিন্দী সাংবাদিকতা দিৱস। ১৮২৬ চনৰ ৩০ মে’ত পণ্ডিত যুগল কিশোৰ শুক্লাই প্ৰকাশ কৰি উলিওৱা প্ৰথম হিন্দী বাতৰি কাকত ‘উদান্ত মাতণ্ড’-ৰ জৰিয়তে হিন্দী সাংবাদিকতাৰ যাত্ৰা আৰম্ভ হৈছিল। সততা আৰু সাহসেৰে জনকল্যাণৰ উদ্দেশ্যে কাম কৰা হিন্দী সাংবিদকতাৰ যাত্ৰা আৰম্ভ হৈছিল। সততা আৰু সাহসেৰে জনকল্যাণৰ উদ্দেশ্যে কাম কৰা হিন্দী সাংবাদিকসকলৰ বিশেষ অৱদানৰ বাবে হিন্দী সাংবাদিকতা দিৱসৰ দিনটো উৎসর্গিত। হিন্দী বাতৰি কাকত ‘উদান্ত মার্তণ্ড’ ভাৰতৰ সাংবাদিকতাৰ ইতিহাসত এটা মাইলৰ খুটি আছিল। ই ভাৰতীয় সাংবাদিকতাৰ নতুন যুগৰ আৰম্ভণিৰ প্রতিনিধিত্ব কৰাৰ লগতে দেশৰ সমাজ আৰু সংস্কৃতিক প্রভাৱিত কৰিছিল। ‘উদান্ত মাতণ্ড’-ৰ যুগতে ভাৰতৰ সংবাদক্ষেত্ৰখনত ভালেসংখ্যক গুৰুত্বপূৰ্ণ প্ৰকাশনৰ লগতে বহুতো নতুন সাংবাদিক এইক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। যাৰ ফলত সাংবাদিকতাৰ বিষয়ে জনসাধাৰণৰ সজাগতা বৃদ্ধি হৈছিল আৰু নাগৰিকসকলক সঠিক তথ্য প্ৰদান কৰাত হিন্দী বাতৰি কাকতৰ গুৰুত্ব বৃদ্ধি পাইছিল।

অধিক পঢ়ক

সকলো চাওক