September 14, 2024 8:37 PM | Hindi divas

printer

সমগ্র দেশতে আজি হিন্দী দিৱস পালন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, হিন্দী ভাষাই দেশক ঐক্যবদ্ধ কৰাত অভূতপূৰ্ব ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে, হিন্দী ভাষা আৰু অন্য ভাষাসমূহৰ মাজত কোনো ধৰণৰ প্ৰতিযোগিতা নাই কাৰণ সেইবোৰৰ পৰস্পৰৰ পৰিপূৰক । নতুন দিল্লীত আজি ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্ৰী শ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, সকলো ভাষাৰ সুদৃঢ়কৰণৰ জৰিয়তেহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তুলিব পৰা যাব। তেওঁ কয় যে, ৰাষ্ট্ৰীয় শিক্ষা নীতিত শিশুসকলক মাতৃ ভাষাত শিক্ষা প্ৰদানৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। চৰকাৰে হিন্দী আৰু অন্য ভাষাৰ মাজৰ এনাজৰীডাল শক্তিশালী কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, হিন্দী ভাষাৰ প্ৰতিটো প্ৰবন্ধ, ভাষণ অথবা সাহিত্যকৃতি সকলো ভাৰতীয় ভাষালৈ আৰু ভাৰতীয় ভাষাৰ সকলো নিবন্ধ, ভাষণ বা সাহিত্যকৃতি হিন্দী ভাষালৈ অনুবাদ কৰা হব। হিন্দী দিৱস উপলক্ষে গৃহমন্ত্ৰালয়ৰ অধীনৰ ৰাজভাষা বিভাগে হিন্দী ভাষাই ৰাজভাষা হিচাপে স্বীকৃতি পোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰে। হিন্দী দিৱস উপলক্ষে আজি শ্ৰীশ্বাহে ৰাজভাষা ভাৰতী আলোচনীৰ হীৰক জয়ন্তী বিশেষ সংস্কৰণ উন্মোচন কৰে আৰু ৰাজভাষা গৌৰৱ তথা ৰাজভাষা কীৰ্তি বঁটাসমূহ প্ৰদান কৰে। হীৰক জয়ন্তী অধিক স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠানত এটা স্মাৰক ডাক টিকট আৰু স্মাৰক মুদ্ৰা জাৰি কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক