প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্বাব্বেৰেলী ছাইমণ্ডছ, Qs নামৰ ব্ৰিটেইনৰ প্ৰতিষ্ঠানটোৰ উচ্চ শিক্ষা সম্পৰ্কীয় শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক বুলি অভিহিত কৰিছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে দেশৰ যুৱ শক্তিৰ হিতার্থে ভৱিষ্যতে গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ’ব। চৰকাৰে গৱেষণা, শিকণ আৰু উদ্ভাৱনৰ ব্যাপক গুৰুত্ব আৰোপ কৰিছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে লগতে QS ৰ মুখ্য কাৰ্যবাহী বিষয়া নুন্জিঅ’ ক্বাক্বেৰেলীক সাক্ষাৎ কৰে। শ্ৰী ক্বাকেৰেলীয়ে পৰৱৰ্তী কেইটামান সপ্তাহৰ ভিতৰত প্ৰতিষ্ঠানটোৱে বিষয় অনুসৰি QS বিশ্ব বিশ্ববিদ্যালয় বাছনি তালিকাত একাংশ ফলাফল ভগাই ল’ব বুলি ঘোষণা কৰে। তেওঁ কয় যে চলিত বৰ্ষত G20 ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ প্ৰদৰ্শন সবাতোকৈ অধিক উন্নত হৈছে আৰু এই বিশ্ববিদ্যালয়সমূহ বিশ্বৰ আটাইতকৈ দ্রুত সম্প্ৰসাৰিত গৱেষণা কেন্দ্ৰসমূহৰ অন্যতম ৰূপে পৰিগণিত হৈছে।
Site Admin | April 23, 2024 5:37 PM | Higher Education | PM Modi
উচ্চ শিক্ষাৰ ক্ষেত্ৰত শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক : প্ৰধানমন্ত্ৰী
