ঝাৰখণ্ডৰ বিধানসভাৰ নিৰ্বাচনী প্ৰভাৰী তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ যুৱক-যুৱতীসকলক কর্মসংস্থাপন প্রদান কৰাত ব্যৰ্থ হৈছে। বোকাৰোত পৰিৱৰ্তন ৰেলীক সম্বোধন কৰি কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ পাছত হ’বলগীয়া প্ৰথমখন কেবিনেটতে খালী হৈ থকা ২ লাখ ৭৫ হাজাৰ পদ পূৰণ কৰাৰ সিদ্ধান্ত লোৱা হ’ব। আনহাতে, মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে বিজেপিৰ বিৰুদ্ধে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে ভালেসংখ্যক পদক্ষেপ লৈছে আৰু এইসমূহ স্পষ্টভাৱে পৰিলক্ষিত হৈছে।
Site Admin | September 25, 2024 12:18 PM | Hemant Soren government has failed to provide employment to youth in the stat Shivraj Singh Chouhan