ৰাজ্যত স্বাভাৱিক তাপমানতকৈ কেইবা ডিগ্রী চেলছিয়াছ উষ্ণতা বৃদ্ধি পাইছে। গুৱাহাটীত সন্ধিয়া ৬.৩০ বজাত তাপমান ৩২ ডিগ্রী চেলছিয়াছ, শিলচৰত ৩৫ ডিগ্রী, গোৱালপাৰাত ৩৩ দশমিক ৩ ডিগ্রী, গোলাঘাটত ৩৪ দশমিক ২ আৰু যোৰহাটত ৩৩ দশমিক ৪ ডিগ্রী চেলছিয়াছলৈ উষ্ণতা বৃদ্ধি পাইছে। বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে যোৱা ১ মাৰ্চৰ পৰা ৮ মে’লৈ অসমত বৰষুণৰ পৰিমাণ ৩৫ শতাংশ কম হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি কালি লামডিঙত সৰ্বোচ্চ তাপমান ৩৯ দশমিক ৬ ডিগ্রী চেলছিয়াছ হৈছে। দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে হোৱা গ্রীষ্ম প্রবাহে এইবাৰ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনতো আৰম্ভ হৈছে। বিগত প্রায় এটা সপ্তাহ ধৰি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত গ্রীষ্ম প্রৱাহ চলি আছে। ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত প্রাত্যহিক জনজীৱন প্ৰায় স্থবিৰ হৈ পৰিছে। আনহাতে, উৎকট গৰমৰ ফলস্বৰূপে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত চুণবাৰীৰ উত্তৰ গোৱৰ্দ্ধন হাইস্কুলত কালি নৱম আৰু দশম শ্ৰেণীৰ ছগৰাকী ছাত্রী অসুস্থ হৈ পৰে। বিদ্যালয় কর্তৃপক্ষই তৎপৰতাৰে আটাইকেইগৰাকী ছাত্রীকে চিকিৎসাৰ বাবে বৰপেটা ৰোড হাস্পতাললৈ প্ৰেৰণ কৰে। আটাইকেইগৰাকী ছাত্রী বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে।
Site Admin | May 15, 2024 11:34 AM | heat wave assam